ASSAMESE DAILY NEWS

AssameseDailyNews - 12.11.19


By Chandana Kalita

1)আজি দিন দুপৰতে মধ্যপ্ৰদেশৰ গোৱালিয়ৰ ৰাজপথত গুলিচালনাৰ দৰে ঘটনা সংঘটিত হয়। গুলিচালনাত লগে লগে নিহত হয় এজন লোক। আকৌ এজন লোক আহত হৈ এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে।

2)উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে প্ৰতীক হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰা হয়।১৯৯৬ চনৰ জুলাই মাহৰ পৰা এই ২৩ বছৰীয়া চাকৰি জীৱনত অসমৰ বহুতো স্মৃতি লৈ মধ্যপ্ৰদেশলৈ যাত্ৰা হাজেলাৰ। আকৌ কিছুবছৰ পিছত অসমলৈ ঘূৰি অহাৰ আশ্বাস হাজেলাৰ।

3)মহাৰাষ্ট্ৰত শাসন স্হাপন কৰিবলৈ ব্যৰ্থ হ'ল শিৱসেনা। ৰাজ্যপালৰ ওচৰত সংখ্যাগৰিষ্ঠৰ বিধেয় দাখিল কৰিব নোৱাৰাৰ বাবেই মূখ্যমন্ত্ৰী হোৱাৰ সপোন আধৰুৱা হৈ ৰ'ল উদ্ধৱ থাকৰেৰ। কংগ্ৰেছ,NCP য়ে এতিয়াও মিত্ৰতা সম্পৰ্কে নিশ্চিত কৰা নাই। বিজেপি ৰ সৈতে হোৱা পূৰ্বৰ আলোচনাৰ ভিত্তিত ৫০/৫০ ফৰ্মূলাৰ আধাৰত আঢ়ৈ বছৰকৈ ৰাজ্যশাসনৰ কথা আছিল যদিও বৰ্তমান বিজেপিয়ে মানি লোৱা নাই এই সিদ্ধান্ত।ৰাজনৈতিক অচলা অৱস্হাৰ বাবেই ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হয়। ৬ মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন অব্যাহত থাকিব। তাৰপিছতো যদি কোনো এটা দলে সংখ্যাগৰিষ্ঠৰ প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা।

4)আজিৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্যতে উথপথপ ৰাসলীলাৰ। পলাসবাৰী ৰাসৰ আজি উদ্যোধন কৰে হিমন্ত বিশ্ব শৰ্মাই । প্ৰায় ২ কিঃমিঃ খোজকাঢ়ি ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ হিমন্তৰ। লোকে-লোকাৰণ্য হৈ পৰিছে পলাশবাৰীৰ ৰাসমহোৎসৱ।

5)নলবাৰীৰ হৰিমন্দিৰত ৮৬ সংখ্যক ৰাস উৎসৱ অনুষ্ঠিত কৰা হয়। ১৩ দিনীয়াকৈ পালন কৰিবলগীয়া এই ৰাসলীলাৰ মূলদ্বাৰ উদ্বোধন কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। জয়ন্তমল্ল বৰুৱা অশোক শৰ্মা আৰু সাংসদ দিলীপ শইকীয়ায়ো উপস্হিত থাকে।

6) পাটাচাৰকুছিৰ ২৬ সংখ্যক ৰাসলীলাৰ উদ্যোধন কৰে জয়ন্তমল্ল বৰুৱাই। প্ৰায় তিনি শতাধিক মৃন্ময় মূৰ্তিৰ নিৰ্মাণেৰে অনুষ্ঠিত হয় এই ৰাস। ১৫ দিনীয়াকৈ চলিবলগীয়া ৰাস উৎসৱত জনসাধাৰণৰ সুবিধাৰ্থে বিশেষ বাছৰ ব্যৱস্হা কৰাৰ কথা কয় বৰুৱাই।

7) মাজুলীৰ জেংৰাইত ২৫খন বিচনাযুক্ত মডেল  হস্পিতালৰ উদ্যোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই। নৱ দলে পিয়ুষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা ও উপস্হিত থাকে এই অনুষ্ঠানত।